Hashtagintro

জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

AsianOpenbill : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: শ শ শামুকভঙা চৰাইৰ উপস্থিতিয়ে শোভাবর্ধন কৰিছে জুৰীয়াৰ চামধৰা গাঁও। শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী শামুকভঙা চৰাইৰ আশ্রয়স্থলীলৈ পৰিণত হৈছে নগাঁও জিলাৰ জুৰীয়াৰ চামধৰাত থকা দুজোপা বৃহৎ গছ। বংশবৃদ্ধিৰ বাবে জুৰীয়াৰ চামধৰা গাঁৱৰ এজোপা বৃহৎ গছক নিৰাপদ আশ্রয়স্থলীৰূপে বাছি লৈছে শামুকভঙা চৰাইৰ জাকটোৱে।

বিগত দুটা দশক ধৰি চামধৰা গাঁৱত নির্ভয়ে আৰু নিঃসংকোচে বাস কৰি অহা এই চৰাইৰ জাকটোৱে সমগ্র অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধি কৰি আহিছে। চৰাইৰ মনোমোহা দৃশ্যই মুগ্ধ কৰিছে প্রকৃতিপ্রেমীসকলৰ লগতে যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ মাজত থকা সাধাৰণ নাগৰিকসকলকো।

চৰাইৰ মধুৰ কোলাহলত পুৱা সাৰ পাই উঠে গাঁওখনৰ বাসিন্দাসকল। পুৱা-গধূলি শামুকভঙা চৰাইৰ মাতেৰে মুখৰিত হৈ থাকে চামধৰাৰ আকাশ-বতাহ।

 

 

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language