Hashtagintro

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ এছআইআৰৰ নামত ‘ভোট চুৰি’ৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কংগ্ৰেছৰ নেতৃত্বত দেশজুৰি আন্দোলন চলাইছে ‘ইণ্ডি’ মিত্ৰজোঁটে। ইয়াৰ লক্ষ্য হৈছে কেন্দ্ৰৰ শাসকীয় দল বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱা। ইয়াৰ মাজতে বিদেশ ভ্ৰমণলৈ যায় ৰাহুল গান্ধী।

এনে পৰিস্থিতিত ওলোটা আক্ৰমণ চলালে বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বৃহস্পতিবাৰে কংগ্ৰেছ আৰু বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ কয় যে, অহা ৩০ বছৰতো তেওঁলোকে ক্ষমতালৈ আহিব নোৱাৰিব।

আজি প্ৰদূষণত জৰ্জৰিত যমুনা নদী পৰিষ্কাৰ কৰাৰ বাবে ৮,৯৪১ কোটি টকাৰ এটা প্ৰকল্পৰ উদ্বোধন কৰে শ্বাহে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈ তীব্ৰ কটাক্ষ কৰে তেওঁ।

সূত্ৰৰ খবৰ অনুসৰি, চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভিয়েটনামলৈ গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী! কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “মই জানো যে আপুনি মোৰ কথা শুনিব পৰা নাই। আপুনি বিদেশৰ কোনোবা ঠাইত বহি আছে। আপুনি তাৰ কাৰণো ব্যাখ্যা কৰা নাই। কিন্তু তাত কি হ’ল, এয়া আপোনাৰ ব্যক্তিগত জীৱন… কিন্তু দিল্লীত ভৰি দিয়াৰ পিছত মোৰ কথা শুনিব—মনত ৰাখিব, অহা ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব।”

যোৱা কেইটামান দশক ধৰি দেশৰ অধিকাংশ ৰাজ্যতে কংগ্ৰেছ ক্ষমতাত নাই বুলিও অমিত শ্বাহে সোঁৱৰাই দিয়ে। তেওঁ কয়, “আপোনালোকে ৫৪ বছৰ ধৰি বংগত কোনো নিৰ্বাচন জিকা নাই… অৰুণাচল প্ৰদেশত ১২ বছৰ ধৰি আৰু দিল্লীত ১৮ বছৰ ধৰি আপোনালোক নিৰ্বাচিত হোৱা নাই।” নাম নোলোৱাকৈ ৰাহুল গান্ধীক লক্ষ্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া মই কওঁ যে বিজেপি ৩০ বছৰ ক্ষমতাত থাকিব, তেতিয়া তেওঁলোকে জনসাধাৰণক বুজায় যে নিৰ্বাচনত কাৰচুপি হৈছে। নহ’লে অমিত শ্বাহে কেনেকৈ জানিলে?”

তেওঁ লগতে কয়, “এনে কোনো লোকক মই দেখা নাই, যিজনে প্ৰতি ছমাহৰ মূৰে মূৰে বিদেশলৈ গুচি যায়। মই ইয়াত জন্মগ্ৰহণ কৰিছোঁ, ইয়াতেই থাকোঁ আৰু ইয়াতেই মৃত্যুবৰণ কৰিম।”

‘ইণ্ডিয়া’ মিত্ৰজোঁট আৰু ককৰোচ জনতা পাৰ্টি (চিজেপি)-এ এছআইআৰ প্ৰক্ৰিয়াত কথিত অনিয়ম আৰু ইয়াত জ্ঞানেশ কুমাৰৰ সম্ভাৱ্য ভূমিকাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এনে সময়তে ৰাহুলৰ বিদেশ ভ্ৰমণক লৈ পূৰ্বৰ দৰেই কটাক্ষ কৰিছে বিজেপিয়ে।

গেৰুৱা শিবিৰৰ দাবী, দিল্লীত প্ৰতিবাদৰ সময়ত “মিছা চিঞৰ-বাখৰ” কৰি ভাগৰি পৰি ৰাহুল গান্ধী ছুটীত গৈছে। সমাজমাধ্যম ‘এক্স’ত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে বিজেপিয়ে, য’ত ৰাহুল গান্ধীক ভিয়েটনাম অভিমুখী বিমানত দেখা গৈছে! ইয়াৰ লগতে প্ৰশ্ন উত্থাপন কৰা হৈছে, “কংগ্ৰেছ নেতাগৰাকীৰ বিদেশ ভ্ৰমণৰ উদ্দেশ্য কি?”

বিজেপি নেতা সম্বিত পাত্ৰই অভিযোগ কৰিছে যে, ৰাহুলে চৰকাৰ ওফৰাই পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে। তেওঁৰ দাবী, ৰাহুল “জৰ্জ ছৰছৰ পৰা শিক্ষা ল’বলৈ”হে বিদেশলৈ গৈছে। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়েও প্ৰশ্ন উত্থাপন কৰিছে যে, কংগ্ৰেছ নেতাগৰাকী কেৱল ছুটী কটাবলৈ বিদেশলৈ গৈছিল নে তেওঁৰ “বিশৃংখলাৰ সহযোগী”সকলক সাক্ষাৎ কৰিবলৈ গৈছিল। অৱশ্যে, কংগ্ৰেছে এই দাবী নাকচ কৰিছে। দলটোৰ বক্তব্য, এগৰাকী স্বাধীন ভাৰতীয় নাগৰিক হিচাপে কংগ্ৰেছ নেতাগৰাকীয়ে পৃথিৱীৰ যিকোনো প্ৰান্তলৈ যাব পাৰে।

 

 

 

Source: Dainik Agradoot News

Read full article on Dainik Agradoot News

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language