দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ছাত্ৰৰ প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়। ছাত্ৰ সংসদ পুনৰ প্ৰতিষ্ঠাৰ দাবীত বিগত কেবাদিনো ধৰি বিশ্ববিদ্যালয়খনত প্ৰতিবাদ চলি আছিল। শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ দেৱালত ‘ফ্ৰী কাশ্মীৰ’ শ্লোগান লিখাক লৈ বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পিছতে শনিবাৰেও বিশ্ববিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীৰ স’তে ছাত্ৰ-ছাত্ৰীৰ সংঘৰ্ষৰ পিছতে পাঠদান বন্ধ কৰি দিয়া হৈছে।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, সম্প্ৰতি অনলাইনযোগে চলিব শ্ৰেণীসমূহ। তথ্য অনুসৰি, প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় চৌহদত কেবাটাও অস্থায়ী তম্বু স্থাপন কৰিছিল। একাংশ ছাত্ৰ-ছাত্ৰীয়ে অনশনতো বহিছিল। শনিবাৰে পুৱা নিৰাপত্তাৰক্ষীয়ে তম্বুবোৰ আঁতৰোৱাৰ উদ্যোগ লোৱাৰ সময়তে পৰিস্থিতি বিশৃংখল হৈ পৰে।
বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মাহতাব আলম ৰিজভিয়ে অভিযোগ কৰে যে শনিবাৰে কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ী আৰু ইমৰান মাছুদে বিশ্ববিদ্যালয় চৌহৰত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক উচটনি দিয়ে। ইয়াৰ ফলত বিশ্ববিদ্যালয়ৰ স্বাভাৱিক পৰিৱেশ বিঘ্নিত হয় বুলি তেওঁ অভিযোগ কৰে।
সমগ্ৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে বুলিও তেওঁ জনায়। উল্লেখ্য যে ২০০৬ চনত বিশ্ববিদ্যালয় চৌহদত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত ছাত্ৰ সংসদ বিলুপ্ত কৰা হৈছিল। ইয়াক পুনৰ প্ৰতিষ্ঠা কৰাই প্ৰতিবাদকাৰীসকলৰ মূল দাবী।
অৱশ্যে শুকুৰবাৰে প্ৰতিবাদকাৰীসকলে দিল্লী হিংসাৰ অভিযুক্ত শ্বাৰ্জিল ইমামৰ মুক্তিৰ দাবী জনোৱাৰ লগতে জম্মু-কাশ্মীৰ সন্দৰ্ভতো শ্লোগান দিয়ে।
এই ঘটনাক লৈ সৰৱ হৈ পৰিছে বিজেপি। বিশ্ববিদ্যালয়ৰ দেৱালত দেশবিৰোধী শ্লোগান লিখাৰ বাবেই চৌহদৰ পৰিৱেশ উত্তপ্ত হোৱা বুলি অভিযোগ কৰি দলটোৱে তদন্তৰ দাবী জনাইছে।
আনহাতে, ২১ অক্টোবৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীলৈ লিখা এখন পত্ৰত চিপিআই(এম)ৰ সাংসদ জন ব্ৰিটাছে উল্লেখ কৰিছিল যে প্ৰায় দুটা দশক ধৰি বিশ্ববিদ্যালয়খনত নিৰ্বাচিত ছাত্ৰ সংসদ নাই। তেওঁ বাক্স্বাধীনতা আৰু ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ সন্দৰ্ভত বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) নিৰ্দেশনাৰ কথাও উল্লেখ কৰে।
প্ৰসংগক্ৰমে, দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো পূৰ্বে ‘আজাদ কাশ্মীৰ’ শ্লোগানক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। পুনৰ এই শ্লোগানে পৰিস্থিতি উত্তপ্ত কৰিব পাৰে বুলি আশংকা কৰা হৈছে।
ইফালে, ২০২০ চনৰ দিল্লী হিংসাৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে শ্বাৰ্জিল ইমামৰ নাম উত্থাপন হৈছিল। তেওঁ বিগত ছয় বছৰ ধৰি কাৰাগাৰত আছে। আৰক্ষীয়ে আদালতত শ্বাৰ্জিলক দিল্লী হিংসাৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিহিত কৰিছে। উক্ত হিংসাত ৫৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০০ৰো অধিক লোক আহত হৈছিল।
Source: Dainik Agradoot National
