Hashtagintro

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

AbhijitDipke:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ইমানদিনে মুচলেকা দিয়াৰ বিষয়টোক লৈ বীৰ সাভাৰকাৰক কাঠগড়াত থিয় কৰাই আহিছিল দেশৰ বিজেপি-বিৰোধী দলসমূহৰ নেতাসকলে। এইবাৰ সেই বিৰোধী শিবিৰৰ নয়নৰ মণি তথা ককৰোচ জনতা পাৰ্টিৰ প্ৰধান অভিজিৎ দীপকে নিজেই মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ কৰিলে।

শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱাৰ পাছত শনিবাৰে বিয়লি মুক্তি লাভ কৰে ককৰোচ জনতা পাৰ্টিৰ মুৰব্বীগৰাকীয়ে। তথ্য অনুসৰি ,জামিন লাভ কৰিবলৈ দীপকে মানি ল’বলগীয়া হৈছে একাধিক চৰ্ত।

চৰকাৰী নিষেধাজ্ঞা থকাৰ মাজতে শুকুৰবাৰে বিয়লি পাঁচ বজাত দিল্লীত ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচীৰ আহ্বান জনাইছিল অভিজিৎ দীপকে। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ কিছু সময় পূৰ্বে ঘৰৰ সন্মুখৰ পৰাই আটক কৰা হয় অভিজিৎক।

পাছত দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে যে ককৰোচ জনতা পাৰ্টিৰ প্ৰধানগৰাকীক প্ৰতিৰোধমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। নিশা ককৰোচ পাৰ্টিৰ তৰফৰ পৰা অভিযোগ কৰা হয় যে শুকুৰবাৰে নিশা দীপকেৰ কোনো অজ্ঞাত স্থানত লুকুৱাই ৰখা হৈছিল।

শনিবাৰে দুপৰীয়া তেওঁক মন্দিৰ মাৰ্গৰ বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। সেই আদালতৰ পৰাই জামিন লাভ কৰে তেওঁ।

প্ৰাপ্ত তথ্য অনুসৰি, জামিন লাভৰ বাবে দীপকে মানি ল’বলগীয়া হৈছে একাধিক চৰ্ত। আগন্তুক এবছৰলৈ শান্তি-শৃংখলা ভংগ হ’ব পৰা কোনো কাম নকৰে বুলি প্ৰতিশ্ৰুতি দি তেওঁ এখন পীচ বণ্ডত (অৰ্থাৎ মুচলেকা) স্বাক্ষৰ কৰিছে।

কেৱল মুচলেকাতে সীমাবদ্ধ নাথাকি জামিনৰ বণ্ড হিচাপে আদালতত ৫০ হেজাৰ টকাও জমা দিব লাগিব তেওঁ। এই চৰ্তসমূহ মানি লোৱাৰ পিছতে শনিবাৰে বিয়লি মন্দিৰ মাৰ্গ থানাৰ পৰা মুক্তি লাভ কৰে দীপকে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী আৰু আৰক্ষীৰ হাতত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাসহ আন নেতাসকল। বৰ্তমান তেওঁলোক কাৰাগাৰত আছে। তিহাৰ কাৰাগাৰৰ দুটা পৃথক কোঠাত ৰখা হৈছে ককৰোচৰ দুই নেতাক। অৱশ্যে দীপকে কাৰাগাৰলৈ যাবলগীয়া নহ’ল। আদালতৰ পৰা মুক্তি লাভ কৰিলেও শান্তি-শৃংখলা বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিবলগীয়া হ’ল তেওঁ।

 

 

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language