Hashtagintro

মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

Terrorism : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ মুম্বাইত গ্ৰেপ্তাৰ কৰা হ’ল জইশ-ই-মহম্মদ (JeM) সন্ত্ৰাসবাদী সংগঠনৰ স’তে জড়িত থকাৰ সন্দেহত এজন যুৱকক। এই সন্ত্ৰাসবাদী সংগঠনটোৰ স’তে সম্পৰ্ক থকাৰ সন্দেহত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযান চলাই মুম্বাইৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাড (এটিএছ)ৰ বিষয়াসকলে মাহিম মেট্ৰ’ ষ্টেচন এলেকাৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

মুম্বাই এটিএছৰ সূত্ৰ অনুসৰি, ধৃত যুৱকজনৰ নাম মহম্মদ হাছান আবুৰ।তথ্য অনুসৰি,তেওঁৰ বয়স ৩৩ বছৰ। যুৱকজনে এপৰ জৰিয়তে বাইক চলাই উপাৰ্জন কৰিছিল। ইয়াৰ উপৰি তেওঁ সুগন্ধি দ্ৰব্যও বিক্ৰী কৰিছিল ।

ধৃত যুৱকজনৰ ম’বাইল ফোনত জইশৰ মুৰব্বী মছুদ আজহাৰৰ অডিঅ’ ক্লিপ পোৱা গৈছে বুলিও জানিব পৰা গৈছে। নিজৰ ব্যৱসায় আৰু এপ-বাইক চালকৰ পৰিচয় ব্যৱহাৰ কৰি অভিযুক্ত যুৱকজনে ছ’চিয়েল মিডিয়াত উগ্ৰ দেশবিৰোধী পোষ্ট কৰিছিল।

এটিএছে জনোৱা অনুসৰি, প্ৰাথমিক তদন্তৰ পৰা ইংগিত পোৱা গৈছে যে ধৃত যুৱকজনে পাকিস্তানী চোৰাংচোৱা বিষয়াসকলৰ (PIO) স’তে পোনপটীয়া যোগাযোগ ৰক্ষা কৰিছিল।

তদন্তত আৰু প্ৰকাশ পাইছে যে ধৃত যুৱকজনে টেলিগ্ৰামত এটা গোট পৰিচালনা কৰিছিল। সেই গোটটোত এক জুনত জইশ-ই-মহম্মদৰ মুৰব্বী মছুদৰ এটা উচটনিমূলক অডিঅ’ আপলোড কৰিছিল ধৃত যুৱকজনে। ইয়াৰ উপৰি এটিএছৰ আন এক দাবী অনুসৰি, ধৃত যুৱকজন ‘ইবন-ই-কাছিম’ নামৰ পাকিস্তান-সমৰ্থিত এটা উগ্ৰপন্থী টেলিগ্ৰাম চেনেলৰ সক্ৰিয় সদস্য। অভিযুক্তৰ ম’বাইল ফোনত ভাৰতবিৰোধী বিষয়বস্তু পোৱা গৈছে।

অভিযুক্ত যুৱকজনৰ পৰিকল্পনা কি আছিল? তেওঁৰ স’তে আৰু কোন কোন জড়িত আছিল? নেটৱৰ্কৰ জাল কিমান দূৰলৈ বিস্তৃত আছিল? বৃহৎ কোনো ক্ষতিসাধনৰ পৰিকল্পনা কৰা হৈছিল নেকি? সকলো দিশ চালি-জাৰি চাইছে তদন্তকাৰীসকলে।

 

 

 

 

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language