Hashtagintro

শীতৰ আগমনৰ লগে লগে প্ৰদূষণৰ ভয়াৱহতা !

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: শীতৰ আগমনৰ উমান পোৱাৰ লগে লগে প্ৰদূষণৰ আশংকাই দেখা দিছে দিল্লীত। প্ৰদূষণৰ কবলত পৰিছে ৰাজধানী। অক্টোবৰ মাহৰ মাজভাগৰ পৰাই দিল্লীৰ বায়ুৰ মান ‘বেয়া’ পৰ্যায়লৈ অৱনমিত হৈছে। এনে পৰিস্থিতিত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দেওবাৰৰ পৰাই দিল্লীত জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। নিষিদ্ধ কৰা হৈছে পুৰণি বাহনৰ চলাচল। ইয়াৰ উপৰি চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে।

চৰকাৰী নিৰ্দেশনা অনুসৰি, বিএছ৬ মানদণ্ড অনুসৰি নিৰ্মিত নোহোৱা বাহনৰ দিল্লীত প্ৰৱেশ আৰু চলাচল নিষিদ্ধ কৰা হৈছে। ১ নৱেম্বৰৰ পৰা ৩১ জানুৱাৰী, ২০২৭লৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব। অৱশ্যে বৈদ্যুতিক বাহন, চিএনজিচালিত বাহন, এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহনৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়া হৈছে। বিবৃতিত উল্লেখ কৰা অনুসৰি, এই নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ বাবে বিশেষ এনফৰ্চমেণ্ট টীম, অটোমেটিক নম্বৰ প্লেট ৰিকগনিশ্যন (এএনপিআৰ) কেমেৰা আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই) চালিত ‘ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ’ (আইচিচিচি) ব্যৱহাৰ কৰা হ’ব। নিয়ম উলংঘা কৰিলে প্ৰেৰণ কৰা হ’ব ই-চালান।

উল্লেখ্য যে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে যোৱা ২১ অক্টোবৰত দিল্লীত ‘গ্ৰেডেড ৰেছপন্স একশ্যন প্লেন’ (জিআৰএপি)-১ জাৰি কৰা হৈছিল।

নিৰ্দেশনাত লগতে জনোৱা হৈছে যে ১ নৱেম্বৰৰ পৰা ৩১ জানুৱাৰীলৈকে দিল্লীত সকলো ধৰণৰ নিৰ্মাণকাৰ্য আৰু ঘৰ ভঙাৰ কাম নিষিদ্ধ কৰা হৈছে। অৱশ্যে নিৰ্দিষ্ট কেতবোৰ অত্যাৱশ্যকীয় চৰকাৰী প্ৰকল্পৰ ক্ষেত্ৰত চৰ্তসাপেক্ষে ৰেহাই দিয়া হৈছে।

ইয়াৰ উপৰি যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সময়সূচীতো পৰিৱৰ্তন অনা হৈছে। দিল্লী পৌৰ নিগমৰ কাৰ্যালয়সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ আৰু দিল্লী চৰকাৰৰ কাৰ্যালয়সমূহ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ খোলা থাকিব। আনহাতে, ব্যক্তিগত বাহনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে পাৰ্কিং মাচুল দুগুণ কৰা হৈছে।

নিৰ্দেশনা অনুসৰি, প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ (পিইউচি) নাথাকিলে ১ নৱেম্বৰৰ পৰা দিল্লীৰ পেট্ৰ’ল পাম্পসমূহত বাহনক ইন্ধনো যোগান ধৰা নহ’ব। এই নিয়ম কাৰ্যকৰী কৰাৰ বাবে দিল্লীৰ ৫০০টা পেট্ৰ’ল পাম্পত এএনপিআৰ কেমেৰা স্থাপন কৰা হৈছে। এই কেমেৰাসমূহে বাহনৰ নম্বৰ প্লেট আৰু অন্যান্য তথ্য স্কেন কৰিব পাৰে। যদি কোনো বাহনৰ পিইউচি বৈধ নহয় বুলি ধৰা পৰে, তেন্তে সেই বাহনক ইন্ধন যোগান ধৰা নহ’ব।

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language