Hashtagintro

১০ হেজাৰ টকা দৰমহা পোৱা যুৱকে বেংক একাউণ্টত পালে ১০ হেজাৰ কোটি!

BankingError : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যুৱকজনৰ মাহিলি দৰমহা ১০ হেজাৰ টকা। কোটি টকাটো বাদেই লাখ টকাৰে সপোন তেওঁ দেখি পোৱা নাই। শেহতীয়াভাৱে তেওঁ এই নিজৰ বেংক একাউণ্টত ১০ হেজাৰ কোটি টকা উদ্ধাৰ কৰে। স্বাভাৱিকতে ঘটনাটোৱে যুৱকজনক হতভম্ব কৰে।

সম্প্রতি ২২ বছৰীয়া সমীৰ খান নামৰ এই যুৱকজন ছিকৰৰ এটা ঔষধ ভঁৰালৰ কৰ্মচাৰী। তেওঁৰ দৰমহা মাহিলি ১০ হেজাৰ টকা। তেওঁৰ বেংক একউণ্টত ৫৫ হেজাৰ টকা জমা আছিল।

কিছুদিন পূর্বে তেওঁ এদিন বেংক একাউণ্ট পৰীক্ষা কৰি অবিশ্বাস্য ধৰণে ১০ হেজাৰ কোটি টকা প্রত্যক্ষ কৰে। অৱশ্যে এই ধন উলিয়াব নোৱাৰা কৰি ৰাখিছিল। কাৰণ ভুলবশতহে সমীৰৰ একাউণ্টলৈ এই বিপুল অংকৰ ধন হস্তান্তৰ হৈছিল।

বেংক কর্তৃপক্ষই একাউন্টটোৰ পৰা ধন উলিয়াব নোৱৰা কৰাত সমীৰে নিজৰ কষ্টোপার্জিত ৫৫ হেজাৰ টকাৰ অংশও উলিয়াব নোৱৰা হয়।

আনকি তেওঁ একাউণ্টত থকা ধনৰে ম’বাইল ফোন বিছাৰ্জো কৰিব নোৱৰা হয়। ইয়াৰ কিছুদিন পাছত তেওঁ দেখিবলৈ পায় যে সেই ১০ হেজাৰ কোটি টকাৰ লগতে তেওঁ নিজে একাউণ্টত জমা কৰা ৫৫ হেজাৰ টকাও নোহোৱা হয়।

অৱশ্যে পাছত বেংক কর্তৃপক্ষই এই ৫৫ হেজাৰ টকা সমীৰক ওভতাই দিয়ে। ইতিমধ্যে ঘটনা সম্পর্কত সমীৰ আৰক্ষীৰ দ্বাৰস্থ হৈছে। ঘটনাটোৰ বিষয়ে সমীৰে তেওঁৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ ধীৰাজ শৰ্মাক অৱগত কৰে। সেই মর্মে শৰ্মাই সমীৰৰ স’তে ছিকৰৰ চাইবাৰ আৰক্ষী থানাৰ দ্বাৰস্থ হয়।

আৰক্ষীয়ে তেওঁলোকক ঘটনাৰ বিষয়ে প্রত্যক্ষভাৱে বেংকৰ স’তে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে। আৰক্ষীৰ পৰামৰ্শ মর্মে সমীৰে বেংক কর্তৃপক্ষক যোগাযোগ কৰে। সেই মর্মে বেংক কর্তৃপক্ষই তেওঁৰ ৫৫ হেজাৰ টকা ওভতাই দিয়ে। অৱশ্যে এই টকা কি উৎসৰ পৰা হস্তান্তৰ হৈছিল সেয়া পোহৰলৈ অহা নাই।

 

 

 

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language