Hashtagintro

 Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত

Dhubri:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ১৮৮০ চনত প্ৰতিষ্ঠা হোৱা ঐতিহাসিক ধুবুৰী অধিবক্তা সন্থাৰ ২০২৬ বৰ্ষৰ নিৰ্বাচন ২১ নৱেম্বৰৰ দিনা শান্তি পূৰ্ণভাৱে অনুষ্ঠিত হয়। সন্থাৰ ধুবুৰীস্থিত কাৰ্যালয় চৌহদত অনুষ্ঠিত নিৰ্বাচনত ৯১ শতাংশতকৈ অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া তথা জ্যেষ্ঠ অধিবক্তা উত্তম সৰকাৰে জানিবলৈ দিয়া মতে, পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ বিয়লি ৫ বজাত শৃংখলাবদ্ধভাৱে সামৰণি পৰে। মুঠ ৭১৯ গৰাকী পঞ্জীয়নভুক্ত অধিবক্তা ভোটাৰৰ ভিতৰত ৬৫৫ গৰাকীয়ে ভোটদান কৰে। সেই অনুসৰি ভোট দানৰ হাৰ আছিল প্ৰায় ৯১.১ শতাংশ।
সন্ধিয়াৰ পৰা আৰম্ভ হোৱা ভোট গণনাৰ অন্তত পুৱতি নিশা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হয়। নিৰ্বাচনত জ্যেষ্ঠ অধিবক্তা আমিনুৰ ৰহমান আহমেদ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে জমছেৰ তালুকদাৰে সম্পাদকৰ পদত জয়লাভ কৰে। শওকত আলী আহমেদ আৰু আব্দুছ ছামাদ মিঞাই উপ-সভাপতি, আনহাতে তৌফিকুল আহমেদ আৰু এছ এছ গনিয়ে সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত হয়। আগন্তুক কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহক সমিতিৰ আন ১৫ গৰাকী সদস্যও নিৰ্বাচিত হয়।
উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে অধিবক্তা সন্থাৰ কোষাধ্যক্ষ পদটো কেৱল মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ৰখা হৈছিল। এই পদত অধিবক্তা মহুৱা দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
উল্লেখ্য যে নিশা জোৰা ভোটগণনাৰ অন্তত আজি পুৱতি নিশা ফলাফলৰ অপেক্ষাত অধিবক্তা মহলৰ মাজত ব্যাপক উৎসকতাৰ সৃষ্টি হয়। অৱশেষত ফলাফল ঘোষণা হোৱাৰ লগে লগে নতুন কাৰ্যনিৰ্বাহক সমিতি গঠনৰ প্ৰক্ৰিয়াই সম্পূৰ্ণতা লাভ কৰে।

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language