Hashtagintro

GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !

GDP:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অধিক মূল্যবৃদ্ধিৰ জুইত দগ্ধ হ’ব ভাৰতৰ জনতা। ইতিমধ্যে চৰকাৰী নিয়ন্ত্ৰণৰ অভাৱত বজাৰত জুই জ্বলাৰ সময়তে এই সতর্কবাণী প্ৰেৰণ কৰিছে মার্কিন অর্থনৈতিক বিশ্লেষক সংস্থা গ’ল্ডমেন ছক্সে। সংস্থাটোৱে সতর্ক কৰি দিছে যে অহা বছৰ দেশত খুচুৰা মুদ্রাস্ফীতি ৫.৭ শতাংশলৈ বৃদ্ধি পোৱাৰ আশংকা আছে। উল্লেখ্য যে সম্প্রতি দেশত খুচুৰা মুদ্রাস্ফীতিৰ পৰিমাণ হৈছে ৪.৬ শতাংশ।
যিহেতু এনে অৱস্থাতে দেশৰ বজাৰত জুই জ্বলিছে, গতিকে মুদ্রাস্ফীতি ৫.৭ শতাংশলৈ বৃদ্ধি পালে অৱস্থা কি হ’ব পাৰে, সেয়া সহজেই অনুমেয়। বয়বস্তুৰ মূল্য নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে অহা বছৰৰ অন্তিমলৈ ৰেপ’ৰেট বৰ্তমানৰ ৫.৭৫ শতাংশৰ পৰা ৬.২৫ শতাংশলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ৰেপ’ৰেট বৃদ্ধি পালে বেংকৰ গৃহ ঋণ, গাড়ী ঋণ আদিৰ ইএমআয়ো বৃদ্ধি পায়।
তদুপৰি, অহা বছৰ ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৯৬ টকালৈ পুনৰ হ্ৰাসৰ আশংকাও কৰিছে গ’ল্ডমেন ছক্সে। এই সকলো কাৰক মিলি মূল্যবৃদ্ধি অত্যধিক হোৱাৰ আশংকা আছে, যিয়ে সাধাৰণ জনতাক অধিক জুৰুলা কৰাটো নিশ্চিত। মার্কিন সংস্থাটোৱে কৰা আন এক আশংকা অনুসৰি, অহা বছৰত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ও ৭.২ লৈ হ্ৰাসৰ সম্ভাৱনা আছে।

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language