Hashtagintro

Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে

Outbreak of fever, cough and cold:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পুৱা কুঁৱলী-শীত, দুপৰীয়া গৰম, আকৌ সন্ধিয়া শীত। ঋতু পৰিৱৰ্তনৰ লগে লগে বতৰৰ এই সঘন সলনিয়ে বহু লোকক স্বাস্থ্যগত দিশত সমস্যাত পেলাইছে। বিগত কিছুদ্দিনত গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন ঠাইত জ্বৰ, কাহ, চর্দি, ডিঙিৰ বিষ, গাৰ বিষ আৰু ভাগৰ লৈ চিকিৎসকৰ ওচৰলৈ যোৱা লোকৰ সংখ্যা লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে।
এই সম্পর্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই ‘দৈনিক অগ্রদূত’ক কয় যে এই সময়ছোৱাত ৰোগীৰ সংখ্যা বৃদ্ধি পায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগাতে অন্যান্য চিকিৎসালয়সমূহতো ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
উল্লেখ্য যে সম্প্রতি গুৱাহাটীত সন্ধিয়াৰ তাপমাত্রা প্রায় ২৩ ডিগ্রী চেলচিয়াছ, আর্দ্রতা ৮৮ শতাংশ আৰু কুঁৱলী আছিল। কাইলৈও সর্বোচ্চতাপমাত্রা ২৫ ডিগ্রী চেলচিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ২০ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে। দিন আৰু নিশাৰ এই তাপমাত্ৰাৰ পাৰ্থক্যৰ লগত শৰীৰে খাপ খাব নোৱাৰি অসুস্থ হৈ পৰিছে বুলি চিকিৎসকে জনাইছে।
# কিয় বাঢ়িছে ৰোগ?
চিকিৎসকৰ মতে, শুকান বতৰ, ধূলি আৰু প্ৰদূষণৰ বাবে বতাহত ভাইৰাছ সহজে বিয়পে। ফলত আপাৰ ৰেস্পাইৰেটৰী ট্রেক্ট ইনফেকচন হয়। আটাইতকৈ বেছি বিপদত আছে ছমাহৰ পৰা পাঁচবছষ্ট্ৰীয়া শিশু আৰু ৬০ বছৰৰ ওপৰৰ লোকসকল। আনহাতে এজমা, মধুমেহ ৰোগ থকা লোকসকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে বুলি চিকিৎসকে কয়।
# কি কি লক্ষণ দেখা গৈছে?
শুকান কাহ, নাকৰ পৰা পানী বৈ থকা, হাঁচি, ডিঙি খজুৱাই থকা, সামান্য জ্বৰ, গাৰ বিষ, ভাগৰ লগা লক্ষণে দেখা দিবলৈ লৈছে। বেছিভাগ ক্ষেত্ৰত এইবোৰৰ কাৰণ ভাইৰেল জ্বৰ আৰু সাতদিনৰ ভিতৰতে নিজে ভাল হয়।
# কিন্তু এইটো সাৱধান হ’ব
এই সময়ত অসমত স্ক্রাব টাইফাছৰো সংক্রমণ বৃদ্ধি পাইছে। সাধাৰণ জ্বৰ বুলি ভাবি আওকাণ কৰিলে ই নিউমোনিয়া, বৃক্ক আদিৰ সমস্যা সৃষ্টি কৰিব পাৰে। গতিকে যদি তিনিদিনতকৈ বেছি জ্বৰ, তীব্ৰ মূৰৰ বিষ, গাৰ বিষ, উশাহ লোৱাত কষ্ট, বুকুৰ বিষ থাকে; নিজে ঔষধ গ্রহণ নকৰি চিকিৎসকৰ দ্বাৰস্থ হ’বলৈ আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে। ডাঃ চৌধুৰীয়ে কয়, ‘দুর্গাপূজাৰ সময়তো ৰোগীৰ সংখ্যা প্রায় ১৫-২০ শতাংশ বৃদ্ধি পাইছিল।
যোৱা অক্টোবৰতো শীত- গৰমৰ সংমিশ্ৰণৰ বতৰ হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দৈনিক ৩৫০০-৩৭০০ ৰোগী আহে। যদি ১৫-২০ শতাংশ ৰোগীৰ সংখ্যা বৃদ্ধি হয়, তেতিয়া প্রায় ৪৫০০ লৈকে ৰোগীৰ সংখ্যা হয়।’ ইয়াৰ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহলৈও যথেষ্ট সংখ্যক ৰোগী যায়।
এইক্ষেত্রত গুৱাহাটী পৌৰ নিগমৰ যথেষ্ট কৰণীয় আছে। বিশেষকৈ নির্মাণ কার্য চলি থকা ঠাইত দৈনিক পানী চটিওৱা, যাতে ধূলি-বালি কম হয় আৰু আৱাসিক অঞ্চলত ফগিঙৰ ব্যৱস্থা কৰা। কাৰণ নলা-নর্দমাবোৰত মহে বংশ বৃদ্ধি কৰাৰ ফলত মেলেৰিয়া বা ডেংগু জাতীয় বেমাৰ হ’ব পাৰে। গতিকে এইক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে বিষয়টো গুৰুত্বসহকাৰে লৈ এইসমূহ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে।
# কি কৰিব, চিকিৎসকৰ পৰামৰ্শ
চিকিৎসকসকলে পৰামৰ্শ দিছে যে পুৱা-গধূলি গৰম কাপোৰ পিন্ধা উচিত। হঠাতে চেঁচা-গৰম খাদ্য খাব নালাগে। কুহুমীয়া পানী খাব লাগে। লগতে ঠাণ্ডা পানী-আইচক্ৰীম পৰিহাৰ কৰা উচিত। জনসমাগমপূর্ণ স্থানত মাস্ক পিন্ধা উচিত। হাত সঘনে খুব লাগে। ধূলিৰ পৰা আঁতৰি থাকিব লাগে। এজমা ৰোগীয়ে ইনহেলাৰ লগত ৰখা উচিত। আনহাতে, চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবায়টিক খাব নালাগে।
বেছিভাগ কাহ-চৰ্দিত ইয়াৰ প্ৰয়োজন নাই। পর্যাপ্ত জিৰণি ল’ব লাগে। তদুপৰি ভিটামিন ‘চি’যুক্ত ফল খাবলৈ আহ্বান জনাইছে চিকিৎসকে। চিকিৎসকসকলে কৈছে যে বতৰৰ এই পৰিৱৰ্তনৰ সময়ত অলপ সাৱধান হ’লেই ডাঙৰ অসুখৰ পৰা হাত সাৰিব পাৰি।

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language