Hashtagintro

পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ বক্সা ব্যঘ্র সংৰক্ষিত বনাঞ্চলৰ পৰা এটি বাঘিনী অসমত প্রবেশ কৰাৰ খবৰ নিশ্চিত হোৱাৰ পাছত পশ্চিমবংগৰ সীমা অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰা বাঘিনীটোক পুনৰ বংগত ওভতাই লোৱাৰ বাবে কালি কচুগাঁও বন সংমণ্ডলত উপস্থিত হয় পশ্চিমবংগৰ বনমন্ত্রী মনোজ কুমাৰ ওঁৰাও।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা কিছুদিন পূর্বে এটি ঢেঁকীয়াপতিয়া বাঘিণীয়ে অসমত প্ৰৱেশ কৰে আৰু এই বাঘিনীটোক কচুগাঁও বন সংমণ্ডলৰ ৰায়মনা সংৰক্ষিত বনাঞ্চলত দেখাও গৈছে।

বনাঞ্চলত বাঘৰ আগমনৰ বাতৰিয়ে কচুগাঁও বনাঞ্চল অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তথ্যা মতে পশ্চিমবংগ চৰকাৰৰ বন বিভাগে বিহাৰৰ বাল্মীকি ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ পৰা বক্সা ব্যাঘ্র সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰ কৰা এটা তিনিবছৰীয়া ৰয়েল বেংগল টাইগাৰ যোৱা দুই অক্টোবৰত অসমত প্ৰৱেশ কৰিছে।

বাঘ সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ প্ৰকল্পৰ অধীনত যোৱা দুই অক্টোবৰত বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হৈছিল বাঘিনীটোক। তাতে মুকলি কৰাৰ পাছত সিদিনাই প্রায় ৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি সোণকোষ নদী পাৰ হৈ বাঘিনীজনী কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলত প্ৰৱেশ কৰে।

পৰবৰ্তী সময়ত বাঘিণীটোক অসম- বংগ সীমান্তৱৰ্তী সুৰেন্দ্ৰপুৰ, ৰায়মনা, ৰাজেন্দ্ৰপুৰ, শৰাইবিল, জলেশ্বৰী আদি অঞ্চলত দেখা যায়। বাঘিনীটো ইতিমধ্যে বহুতোৰ গাহৰি, ছাগলী ভক্ষণ কৰা বুলিও শুনা গৈছে। পশ্চিমবংগৰ সীমা অতিক্ৰম কৰি অসমৰ ৰায়মনা সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰা বাঘিনীজনীৰ গতিবিধিৰ ওপৰত অসম আৰু পশ্চিমবংগৰ বন বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে।

বাঘিনীটোৰ ডিঙিত লগোৱা ৰেডিঅ’ কলাৰৰ সহায়ত নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে বাঘিনীজনীক। বংগৰ বাঘিনীজনীক পুনৰ বংগৰ বনাঞ্চলত ওভতাই লোৱাৰ বাবে আজি কচুগাঁৱত উপস্থিত হয় স্বয়ং পশ্চিমবংগৰ বনমন্ত্রী মনোজ কুমাৰ ওৰাওয়ে। তেওঁ কচুগাঁওস্থিত বন বিভাগৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ বিটিচিৰ বন বিভাগৰ কার্যবাহী সদস্য জেমছ বসুমতাৰী, বিটিচিৰ বন বিভাগৰ চিএইচডি সোণালী ঘোষ আৰু কচুগাঁও বন সংমণ্ডল বিষয়া মোস্তাফা আলী আহমেদৰ লগত বিষয়টো লৈ বিষদভাবে আলোচনা কৰি ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ ব্যঘ্রটোক কি উপায়ে পুনৰ পশ্চিমবংগৰ বক্সা ব্যঘ্ৰ প্ৰকল্পৰ অধীনস্থ সংৰক্ষিত বনাঞ্চললৈ ওভতাই লোৱা যায় সেই সন্দর্ভত উভয় পক্ষই মতবিনিময় কৰে।

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language