Hashtagintro

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

CockroachJanataParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে তেওঁৰ সমৰ্থকসকলক আগন্তুক দেৱালী পৰ্যন্ত সকলো ধৰণৰ প্ৰতিবাদ আৰু বিক্ষোভ কাৰ্যসূচী স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। যোৱা কেইদিনমানৰ ৰাজনৈতিক উত্তেজনাৰ পাছত সমৰ্থক আৰু তেওঁলোকৰ পৰিয়ালৰ মানসিক উদ্বেগৰ প্ৰতি লক্ষ্য কৰি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইনষ্টাগ্ৰাম লাইভ আৰু ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁ জনায় যে উৎসৱৰ এই দিনকেইটাত সমৰ্থকসকলে যাতে আন্দোলনৰ পৰা সাময়িক বিৰতি লৈ নিজৰ পৰিয়াল আৰু আপোনজনৰ স’তে ভাল সময় কটায়। অৱশ্যে, যন্তৰ মন্তৰৰ ঘটনাত দলীয় সহকৰ্মী সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কা ন্যায়িক জিম্মাত থকাৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে তেওঁ।

মঙলবাৰে ইনষ্টাগ্ৰামত এটা ‘লাইভ ষ্ট’ৰী’ চলি থকাৰ সময়ত দীপকে জনায় যে এইদৰে আৱেগ প্ৰকাশ কৰাৰ বাবে বহুতে তেওঁক লৈ ঠাট্টা-মস্কৰা বা ট্ৰ’ল কৰিব পাৰে। কিন্তু সৌৰভ আৰু আশুতোষ তেওঁৰ পৰিয়ালৰ দৰে আৰু তেওঁলোকৰ প্ৰতি থকা মৰম আৰু যত্নৰ বাবেই তেওঁ এই মানসিক টান অনুভৱ কৰিছে।

ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (এছআইআৰ)-ৰ প্ৰতিবাদত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চিজেপি আৰু অন্যান্য বিৰোধী দলসমূহে দিল্লীৰ যন্তৰ মন্তৰত বিক্ষোভৰ আহ্বান জনাইছিল। এই আন্দোলনৰ সময়তে যোৱা ১৩ অক্টোবৰত দলটোৰ দুগৰাকী অন্যতম মুখ সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

তেওঁলোকক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত তেওঁলোকৰ জিম্মাত থকাৰ সময়সীমা আৰু বৃদ্ধি কৰা হৈছে।

সহকৰ্মীসকলৰ এই কঠিন সময়তো সমৰ্থকসকলক মনোবল হেৰুৱাই নেপেলাবলৈ আহ্বান জনাইছে দীপকে। তেওঁ কয়, “সৌৰভ আৰু আশুতোষৰ এই ত্যাগ অথলে নাযায়। কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ বাবে সমৰ্থকসকলৰ পৰিয়াল যথেষ্ট চিন্তিত।” সেইবাবেই দেৱালী পৰ্যন্ত আন্দোলন বন্ধ ৰাখি সকলোকে ঘৰতে থাকিবলৈ পৰামৰ্শ দিছে তেওঁ।

সৌৰভ আৰু আশুতোষে মহাত্মা গান্ধীৰ অহিংসাৰ পথেৰেই আগবাঢ়িছে বুলি দাবী কৰি দীপকে কয়, “প্ৰকৃত শক্তি ত্যাগত থাকে। সকলো বাধা অতিক্ৰম কৰি তেওঁলোক যেতিয়া হাঁহিমুখে বাহিৰলৈ ওলাই আহিব, তেতিয়া সমগ্ৰ দেশে তেওঁলোকক সন্মান জনাব।”

 

 

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language